white printer paper on white surface

এই সংখ্যা সজাইছে

white printer paper on white surface

লিখনী

অলি চাবুকধৰা

লক্ষীমপুৰ বালিকা মহাবিদ্যালয়ৰ হিন্দী বিভাগৰ স্নাতক মহলাৰ এগৰাকী ছাত্ৰী।লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰৰ নিবাসী অলিৰ অভিৰুচি হৈছে কবিতা আবৃত্তি, তৰ্ক, বক্তৃতা আৰু গ্ৰন্থ অধ্যয়ন।

গায়ত্ৰী গোহাঁই

লক্ষীমপুৰ বালিকা মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ স্নাতক মহলাৰ ছাত্ৰী। লখিমপুৰ জিলাৰ খৰখৰী গাঁওৰ নিবাসী গায়ত্ৰীৰ অভিৰুচি হৈছে ক্ৰাফ্‌টিং।

গায়ত্ৰী নাথ

শিৱসাগৰৰ জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয়ৰ সমাজতত্ত্ব বিভাগৰ স্নাতক মহলাৰ ছাত্ৰী। শিৱসাগৰ জিলাৰ চাৰিং তেলিয়াল গাঁৱৰ নিৱাসী গায়ত্ৰীৰ অভিৰুচি হৈছে গান গোৱা ।

চুমি বৰা

লক্ষীমপুৰ বালিকা মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ স্নাতক মহলাৰ ছাত্ৰী। লক্ষীমপুৰ জিলাৰ অন্তৰ্গত বালি পুখুৰী গা‌ওঁৰ নিবাসী চুমিৰ অভিৰুচিসমূহ হৈছে কবিতা, প্ৰৱন্ধ, গল্প, অণুগল্প আদি ৰচনা, কবিতা আবৃত্তি, কিতাপ পঢ়া আৰু গান শুনা ।

জাহ্নৱী ফুকন

মৰাণ মহাবিদ্যালয়ৰ শিক্ষাতত্ত্ব বিভাগৰ স্নাতক মহলাৰ ছাত্ৰী। চৰাইদেউৰ মাহমৰা এৰাবাৰী গাওঁৰ নিবাসী জাহ্নৱীৰ অভিৰুচিসমূহ হৈছে গান গোৱা আৰু শুনা, কবিতা, প্ৰবন্ধ আদি ৰচনা কৰা আৰু ক্ৰাফ্‌টিং কৰা।

জ্যোতিস্না কোঁৱৰ

জ্যোতিস্না কোঁৱৰ শিৱসাগৰ জিলাৰ জাঁজী হেমনাথ শৰ্মা কলেজৰ শিক্ষাতত্ত্ব বিভাগৰ স্নাতক মহলাৰ ছাত্ৰী। শিৱসাগৰ জিলাৰ কাশীবাৰীৰ নিবাসী জ্যোতিস্নাৰ অভিৰুচি হৈছে গল্প, উপন্যাস আদি পঢ়া, কবিতা-প্ৰবন্ধ লিখা, ইত্যাদি ।

নিভাৰাণী গগৈ

লক্ষীমপুৰ বালিকা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ স্নাতক মহলাৰ ছাত্ৰী। নিভাৰাণীৰ অভিৰুচি হ'ল কিতাপ পঢ়া আৰু কবিতা লিখা।

নিভা বৰা

লক্ষীমপুৰ বালিকা মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ স্নাতক মহলাৰ ছাত্ৰী। ধেমাজি জিলাৰ গোগামুখৰ বাসিন্দা নিভাৰ অভিৰুচি হৈছে কিতাপ পঢ়া, কবিতা আবৃত্তি কৰা, গল্প, প্ৰবন্ধ ৰচনা, গল্প সমালোচনা কৰা, আৰু লগতে নতুন নতুন মানুহৰ লগত বার্তালাপ কৰা।

পৰিণীতা বড়া

লক্ষীমপুৰ বালিকা মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ স্নাতক মহলাৰ ছাত্ৰী। লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ নিবাসী পৰিণীতাৰ অভিৰুচিসমূহ হৈছে কিতাপ পঢ়া, গীত গোৱা, অভিনয় কৰা, বক্তৃতা দিয়া, গল্প লিখা, প্ৰবন্ধ লিখা ইত্যাদি।

পাপৰি দাস

বৰপেটা ছোৱালী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ স্নাতক মহলাৰ ছাত্ৰী। বৰপেটা জিলাৰ বুদৰুৰটুপৰ নিবাসী পাপৰিৰ অভিৰুচি হৈছে চিত্ৰাংকণ আৰু খেলা-ধূলা, বিশেষকৈ বেডমিণ্টন খেলা।

প্ৰিয়ংকা টায়েং

মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয় (নগাঁও)-ৰ অসমীয়া বিভাগৰ স্নাতকোত্তৰ মহলাৰ ছাত্ৰী। ডিব্ৰুগড় নিবাসী প্ৰিয়ংকাৰ অভিৰুচি হৈছে নচা আৰু গান গোৱা।

প্ৰকাশ দত্ত

খেৰাজখাত মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ স্নাতক মহলাৰ ছাত্ৰ। লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ নিবাসী প্ৰকাশৰ অভিৰুচি হৈছে গ্ৰন্থ অধ্যয়ন, চিত্রাংকণ আৰু খেলা-ধূলা, বিশেষকৈ দবা আৰু ক্রিকেট।

বসন্ত বৰা

বসন্ত বৰা গোলাঘাটৰ কমাৰবন্ধা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ স্নাতক মহলাৰ ছাত্ৰ।

বীণাপাণি কোঁচ

ঢকুৱাখনা মহাবিদ্যালয় (স্বায়ত্বশাসিত)-ৰ ইতিহাস বিভাগৰ স্নাতক মহলাৰ ছাত্ৰী। ঢকুৱাখনাৰ জীয়ামৰিয়া গাঁৱৰ নিবাসী বীণাপাণিৰ অভিৰুচি হৈছে ইতিহাসমূলক গ্ৰন্থ আৰু ডিটেক্টিভ উপন্যাস অধ্যয়ন, গল্প লিখা আৰু গান গোৱা।

যুক্তি ফুকন

লক্ষীমপুৰৰ শংকৰদেৱ মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ স্নাতক মহলাৰ এজন ছাত্ৰ। লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰৰ নিবাসী যুক্তিৰ অভিৰুচি হৈছে উপন্যাস পঢ়া।

ৰঞ্জন বৰা

লক্ষীমপুৰ কেন্দ্ৰীয় মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ স্নাতক মহলাৰ ছাত্ৰ।লখিমপুৰ জিলাৰ হেঁচামৰা নিবাসী ৰঞ্জনৰ অভিৰুচি হৈছে কবিতা লিখা।

ৰশ্মি দত্ত

লক্ষীমপুৰ বালিকা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ স্নাতক মহলাৰ ছাত্ৰী। লখিমপুৰ জিলাৰ ঘাৰমৰা সত্ৰৰ নিবাসী ৰশ্মিৰ অভিৰুচি হৈছে চিত্ৰাংকণ আৰু খেলা-ধূলা, বিশেষকৈ কেৰম আৰু ক্ৰিকেট খেলা।

লভিতা চহৰীয়া

দৰং জিলাৰ আঠিয়াবাৰীৰ নিবাসী। ভূগোল বিভাগত স্নাতকোত্তৰ লভিতা বৰ্তমান নগাঁৱৰ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ত ৰি'মট চেন্সিং আৰু জি আই এচ স্নাতকোত্তৰ ডিপ্লমাত অধ্যয়নৰত। লভিতাৰ অভিৰুচি হৈছে ছবি অঁকা।

স্বপ্নমজ্যোতি কলিতা

২০২৪ বৰ্ষত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়ৰপৰা অসমীয়া বিষয়ত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থানসহ স্নাতক ডিগ্ৰী লাভ কৰা স্বপ্নমে বৰ্তমান তেজপুৰ বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলাত অধ্যয়ন কৰি আছে। গোলাঘাট জিলাৰ দেৰগাঁৱৰ নিবাসী স্বপ্নমে এগৰাকী কাব্য চৰ্চাকাৰী হিচাপে ২০২৩ চনত 'বন্ধু-চাকি বঁটা', ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ২০২৪ বৰ্ষৰ যুৱ মহোৎসৱত শ্ৰেষ্ঠ কবিৰ সন্মান আৰু সদৌ অসম কবি সন্মিলনৰ ২০২৪ বৰ্ষৰ 'জনতাৰ কবি অৱনী চক্ৰৱৰ্তী বঁটা'ৰ বাবে নিৰ্বাচিত হৈছে। স্বপ্নমৰ অভিৰুচি হৈছে অধ্যয়ন আৰু লেখা-মেলা।

হীৰক জ্যোতি বৰা

মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয় (নগাঁও)-ৰ অসমীয়া বিভাগৰ স্নাতকোত্তৰ মহলাৰ ছাত্ৰ। বিশ্বনাথ জিলাৰ ৰতোৱা নিবাসী হীৰকৰ অভিৰুচি হৈছে ৰন্ধন-প্ৰকৰণ, লিখা-মেলা, ইত্যাদি।

white printer paper on white surface

ফটোগ্ৰাফী

দেবাংগী কৌশিক

নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ স্নাতক মহলাৰ ছাত্ৰী। লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ নিবাসী দেবাংগীৰ অভিৰুচিসমূহ হৈছে কবিতা লিখা, গান শুনা, ফটোগ্ৰাফী, কিতাপ পঢ়া।

নিষ্ঠা ভৰালী

লক্ষীমপুৰ বালিকা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ স্নাতক মহলাৰ ছাত্ৰী। লখিমপুৰ জিলাৰ ঘিলামৰা অঞ্চলৰ নিবাসী নিষ্ঠাৰ অভিৰুচিসমূহ হৈছে ফটোগ্ৰাফী, চাৰুকলা, সংগীত চৰ্চা আৰু কিতাপ পঢ়া।

বন্দনা বুঢ়াগোহাঁই

লক্ষীমপুৰ বালিকা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ স্নাতক মহলাৰ ছাত্ৰী। লখিমপুৰ জিলাৰ ঢকুৱাখনা অঞ্চলৰ নিবাসী বন্দনাৰ অভিৰুচিসমূহ হৈছে ফটোগ্ৰাফী, কিতাপ পঢ়া আৰু ক্ৰাফ্‌টিং।

ৰূপম দাস

গুৱাহাটীৰ পাণ্ডু মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ স্নাতকোত্তৰ মহলাৰ ছাত্ৰ। বঙাইগাঁও জিলাৰ অভয়াপুৰী অঞ্চলৰ নিবাসী ৰূপমৰ অভিৰুচিসমূহ হৈছে ক্ৰিকেট খেলা, ভ্ৰমণ কৰা আৰু নৈসৰ্গিক দৃশ্যৰ ফটো তোলা।